অধ্যায় ০১ ।। শ্লোক ০২ ।। শ্ৰীমদ্ভগৱত গীতাৰ সংস্কৃত শ্লোকৰ অসমীয়া সৰল অনুবাদ ।।
গীতাৰ্থ কথন গীতাৰ্থ কথন
239 subscribers
212 views
22

 Published On Sep 23, 2024

Gita Assamese all chapters
Bhagawad Gita All Chapter Assamese
Gita Chapter in Assamese
Srimad Bhagawad Gita
Gita Shloks
Assamese Gita chapters
Gita motivational quotes
sri Krishna gita Assamese
অসমীয়াত গীতা ভাগৱত
ভাগৱত গীতা বাখ্যা
গীতা অমৃত কথা
কুমুদ দাস গীতা

#gitassameseallchapters​
#kumuddas​
#assamesestoryteller​
#kumuddasvideos​
#kumuddasgita​
#gitabhagawat​
#bhagawadgita​
#assameseGita​
#gitamotivation​
#gitachapter​
#gitaallchapters​
#geeta​
#srikrishna​
#মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা​
#Madhurjya_Bora_vagawat​
#ভাগৱত_ব্যাখ্যা​
#মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা​
#Madhurjya_Borah_Bhagawat_Bakhya​
#ভাগৱত_ব্যাখ্যা​
#vagawat​
#ভাগৱত_ব্যাখ্যা​
#মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা​
#Madhurjya_Borah_Bhagawat_Bakhya​

শ্লোক-২
সঞ্জয় উৱাচ
দৃষ্ট্বা তু পাণ্ডৱানীকং ব্যুঢ়ং দুৰ্যোধনস্তদা
আচাৰ্যমুপসঙ্গম্য ৰাজা ৱচনমব্ৰৱীত্।।২।।

শব্দাৰ্থ
দৃষ্ট্বা=দেখি
তু = আৰু
পাণ্ডৱানীকং = পাণ্ডৱ অনীকম = পাণ্ডৱসেনা সকলক
ব্যুহম্= বজ্ৰবেহুত থিয় হৈ থকা
দুৰ্যোধনস্তদা= দুৰ্যোধনঃ তদা= সেই সময়ত দুৰ্যোধনে
আচাৰ্যমুপসঙ্গম্য= আচাৰ্যম উপসঙ্গম্য=আচাৰ্যৰ(দ্ৰোৰ্ণাচাৰ্যৰ) ওচৰলৈ গৈ।
ৰাজা= ৰজা (দুৰ্যোধনে)
বচনমব্ৰবীত=বচনম অৱবীত= কথা ক’লে।

সৰলাৰ্থ-
সঞ্জয়ে কৈছে-
( হে মহাৰাজ) পাণ্ডৱসকলে (নিজৰ) সৈন্যসকলক ব্যুহ্যাকাৰে সজাই লোৱা দেখিসেইসময়ত ৰজা দুৰ্যোধনে দ্ৰোৰ্ণাচাৰ্যৰ ওচৰলৈ গৈ এইকথা কলেঃ

সৰল পদ্য ভাঙনি
পাণ্ডৱ সৈন্যক চক্ৰবেহু যেন দেখি ৰাজা দুৰ্যোধন।
দ্ৰোৰ্ণ আচাৰ্যৰ সমীপ চাপিয়া
বুলিবে লৈলা বচন।।২।।
শ্লোকৰ সৰল ব্যাখ্যাঃ-
ধৃতৰাৰ্ষ্টই সঞ্জয়ক সোধা প্ৰশ্নৰ উত্তৰত সঞ্জয়ে ক’লে যে যুদ্ধভূমিত পাণ্ডৱপক্ষৰ সৈন্যসকল ব্যুহাকাৰে ভগৱান শ্ৰীকৃষ্ণক লগত লৈ যুদ্ধৰ বাবে সুসজ্জিত হৈ থকা দেখি ৰজা দুৰ্যোধনে (যদিও তেওঁ ৰজা নাছিল, যুৱৰাজহে আছিল, তথাপি পিতৃ ধৃতৰাষ্ট্ৰক কোনো গুৰুত্ব নিদি নিজেই ৰজাৰ দৰে আচৰণ কৰিছিল বাবে সঞ্জয়ে তেওঁক ৰজা বুলিয়েই কৈছে ) দ্ৰোৰ্ণাচাৰ্যৰ ওচৰলৈ গৈ কবলৈ ধৰিলে। (সেই সময়ত কৌৰৱৰ সেনাপতি ভীষ্ম আছিল যদিও দুৰ্যোধনে দ্ৰোৰ্ণাচাৰ্যৰ প্ৰতি নিজৰ ভক্তিভাৱ, বিনয়ভাৱ প্ৰকাশ কৰি দ্ৰোৰ্ণাচাৰ্যৰ মন গলোৱাৰ চেষ্টা চলোৱাৰ লগতে অৰ্জুনৰ মনতো বিদ্বেষভাৱ জগাব খুজি দ্ৰোৰ্ণাচাৰ্যৰ ওচৰলৈহে গৈছিল।
ব্যৱহাৰিক জীৱনত এই শ্লোকৰ তাৎপৰ্য:
ইতিপূৰ্বে আমি প্ৰথম শ্লোকৰ তাৎপৰ্য বাখ্যাত প্ৰকাশ কৰিছছো যে ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি এজন ব্যক্তিয়ে তেওঁৰ ওপৰত আনে চলোৱা সকলো অত্যাচাৰ, লাঞ্চনা-গঞ্জনা সহ্য কৰি যাব লাগে। শেষ সময়ত হলেও ভগৱান সহায়ৰ বাবে আহিবই, কিন্ত নিজক সম্পূৰ্ণ পৱিত্ৰ অপৰাধহীন কৰি ৰখাৰ লগতে ভগৱানৰ ওপৰত বিশ্বাসৰ দৃঢ়তা এৰিব নালাগিব। বিশ্বব্ৰ্হ্মাণ্ডখন ভগৱানে পৰিচালনা কৰি আছে। দুষ্টক বিনাশ কৰি সন্তক ৰক্ষা তথা পালন কৰিবৰ বাবে যুগে যুগে পৃথিৱীত ভগৱানৰ অৱতাৰ হয়। গতিকে অন্যায়ৰ প্ৰতিকাৰ নিজে কৰিব খোজা মানে 'ভগৱানে আমাক ৰক্ষা কৰিবই' এই বিশ্বাসৰ অভাৱ হোৱাই বুজায়। পৰোক্ষভাৱে ই ভগৱানক অৱজ্ঞা কৰা বা ভগৱানক নমনাটোকে বুজায়। ভগৱানৰ ওপৰত বিশ্বাস দৃঢ় কৰিবৰ বাবে গুৰুজনাই আমাক কীৰ্তন ভাগৱতৰ মাধ্যমেৰে প্ৰহ্লাদৰ কাহিনী বুজাইছে, গজেন্দ্ৰৰ উপাখ্যান কৈছে আকৌ দ্ৰৌপদীক বস্ত্ৰদান কৰাৰ দ্বাৰাও আমাক এই শিক্ষা দিব খুজিছে।
কিন্তু---
গীতাৰ অধ্যয়নে আমাক যেন এটা বেলেগ কথাহে কব খুজিছে। গীতাৰ শিক্ষাৰ দ্বাৰা ভগৱানে আমাক প্ৰহ্লাদ বা দ্ৰৌপদীৰ দৰে আচৰণ নকৰি, হাতত অস্ত্ৰ তুলি লৈ সন্মুখ সমৰত যুদ্ধ কৰাৰ শিক্ষা দিয়া বুলিহে আমাৰ ভাৱ হয়। আনকি ইয়াত এনে ধৰণেও শিক্ষা দিয়া হৈছে যে কিছুমান সময় বা পৰিস্থিতি সাপেক্ষে অস্ত্ৰ লৈ কৰা এই যুদ্ধত যদি তোমাৰ পিতা-মাতাও, তোমাৰ আৰাধ্য শিক্ষাগুৰু, দীক্ষাগুৰুও, তোমাৰ পৰম পূজনীয় পিতাৰো পিতা-কুলগুৰু, সকলোৰে পুজ্যজনো তোমাৰ হাততেই মৃত্যুবৰণ কৰিবলগা হয়; যদি কেৱল শত্ৰুপক্ষই নহয়, নিজৰো সকলো শেষ হৈ যায়; হাজাৰ-হাজাৰ, লাখ লাখ লোক এই মৃত্যুমুখত পৰিব লগা হয়, তথাপিও সি উচিতেই হ’ব, তথাপি সি বৈধই হ'ব, ধৰ্মযুদ্ধই হ’ব।
কিন্তু কেনেকৈ? সেইটোনো কেনেধৰণৰ পৰিস্থিতি?

ইয়াৰ ব্যাখ্যা আমি পাছৰ শ্লোক বিলাকলৈ ৰাখিছো। কিন্ত সদ্যহতে আমি কুৰুক্ষেত্ৰ যুদ্ধখনত যি বিশাল ক্ষতি তাৰ এটা চমু আভাস দিব বিচাৰিছো।
এই যুদ্ধ যদিও কুৰু-পাণ্ডৱৰ মাজৰ এখন গৃহ -যুদ্ধ আছিল, কিন্তু প্ৰকৃত যুদ্ধখনৰ বেলিকা ই মহাযুদ্ধৰ ৰূপ লৈছিল। কৌৰৱৰ পক্ষত ভাৰতবৰ্ষৰ সেই সময়ৰ প্ৰায় সকলোবোৰ দেশৰ ৰজাই যোগদান কৰিছিল। তেঁওলোকৰ শত্ৰু প্ৰকৃততে পাণ্ডৱ নাছিল; আছিল শ্ৰীকৃষ্ণ। তেওঁলোকে ভাবিছিল আমি সকলো লগ লাগিলে আমাৰ মহাশত্ৰু কৃষ্ণক নিপাত কৰিব পাৰিম। যুদ্ধৰ ক্ষেত্ৰত এই সকলো দেশৰ অগণন প্ৰজাৰ মৃত্যু ঘটিছিল। কৌৰৱ পক্ষত ভীষ্ম, ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ বাহিৰে সকলো নিপাত হৈছিল। আনকি, পাণ্ডৱ পক্ষতো পঞ্চপাণ্ডৱ, দৌপদী আৰু কুন্তীৰ বাহিৰে আন কোনো বাচি নাথাকিল। (অৱশ্যে, বিদূৰ্ মৈত্ৰেয়ৰ কথা সুকীয়া) পাছত আমি পঢ়িবলৈ পাম যে অৰ্জুন এই বিধ্বংশী যুদ্ধৰ বাবে সমূলি ইচ্ছুক নাছিল, যত নিজৰ বংশৰেই, নিজৰ পৰিয়ালৰেই মোমাই, ভাগিন, পুত্ৰ, নাতি, ককা, ভাই-ভগ্নী,শহুৰ-শাহুৰ, খুলখালি, দদাই আদিৰ মৃত্যু হ'ব, নিজৰ আৰাধ্য গুৰু দ্ৰোৰ্ণাচাৰ্য হত হ’ব, বংশৰ সকলো আত্মীয়-স্বজন যুদ্ধৰ এই বিধ্বংসী জুইত পুৰি ছাই হৈ যাব। অৰ্জুন কোনো পধ্যেই এই যুদ্ধৰ বাবে সন্মত নহয়, তেওঁ গাণ্ডীৱেই পেলাই দিলে। বহি পৰিল।কৃষ্ণৰ ওচৰত বিনাবলৈ ধৰিলে, হে প্ৰভু, ইহঁতেই মোক মাৰক। সেইটোৱেই শ্ৰেষ্ঠ হ’ব। মোক এনে মহাপাপ কৰিবলৈ আজ্ঞা নকৰিব। মই যুদ্ধ নকৰো।
কিন্ত শ্ৰীকৃষ্ণই তেওঁক যুদ্ধ কৰালে।
কেনেকৈ?
ইয়াৰ বাখ্যা সমগ্ৰ গীতা শাস্ত্ৰভাগত পাব। কিন্তু চমূকৈ কিছু কথা আমি ইয়াৰ পাছৰ শ্লোকসমূহৰ আলমত আলোচনা কৰিম।

show more

Share/Embed