ভাগৱত পাঠ অষ্টম স্কন্ধ / লেছাৰী /গ্ৰাহ গজেন্দ্ৰ যুদ্ধ / assamese culture 1/ bhagwat path //
assamese culture 1 assamese culture 1
14.8K subscribers
2,084 views
40

 Published On Sep 21, 2024

assamese culture 1 , ভাগৱত পাঠ লেছাৰী// গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ//
গ্ৰাহে এটা ভৰিত কামুৰি ধৰি গজেন্দ্ৰক গভীৰ পানীৰ মাজলৈ টানিব ধৰিলে । আনহাতে গজেন্দ্ৰই গ্ৰাহক পানীৰ পৰা ওপৰলৈ উঠাই আনিবলৈ চেষ্টা চলালে । দুয়োৰে মাজত ভীষণ ভাৱে টনা-আজুৰা লাগিল । দুটা মহা বলশালীৰ যুদ্ধত সৰোবৰৰ পানী তল-ওপৰ হ’ব ধৰিলে ।

গজেন্দ্ৰৰ আৰ্তনাদত সমগ্র অঞ্চলজুৰি তোলপাৰ লাগিল । দেহৰ সমস্ত বল প্ৰয়োগ কৰিও গজেন্দ্ৰই নিজকে গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰিব নোৱাৰিলে ।
অৱশেষত পূৰ্ব্ব জন্মত ৰজা ইন্দ্ৰদ্যুম্নই কৰা হৰি ভকতিৰ কথা গজেন্দ্ৰৰ মনত পৰিল । গজেন্দ্ৰই তেতিয়া দেহৰ পীড়াৰ কথা পাহৰি একান্তমনে হৰিৰ নাম জপ কৰিবলৈ ধৰিলে ।

গজেন্দ্ৰৰ আৰাধনাত সন্তুষ্ট হৈ ভগৱানৰ শ্ৰীহৰি গড়ুৰত আৰোহণ কৰি আহি সৰোবৰৰ পাৰত উপস্থিত হল । প্ৰভু নাৰায়ণক দেখি গজেন্দ্ৰই শুৰেৰে পদুম ফুল এপাহি তুলি লৈ স্তুতি-মিনতি কৰি গ্ৰাহৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনালে ।

show more

Share/Embed